Skip to content Skip to navigation

বিহুৰ বতৰ।

বিহুৰ বতৰ।

Writer: 
Mr. Sundar Sagma

শ্ৰীমতী ক'ৰোণা খেদাত ব্যস্ত । পেছাত অসামৰিক চিকিৎসালয় এখনৰ মুৰব্বী । সেই সূত্ৰে তাই ক'ৰোনা যুদ্ধত নামি পৰিছে দলেবলে দিনে ৰাতিয়ে । ঘৰলৈ অহা বাদেই দিছে আমাৰ সুৰক্ষাৰ বাবে ।

এনে বতৰত, সকলোৰে পিঠাপনা খাবলৈ মন যায়। এনোৱা বতৰত মই বোলো এটা ডাঙৰ টেকেলি পিঠা কেনেকৈ বনাব পাৰি তাৰেই এটা নিদৰ্শন দিওঁ আৰু অলপ গৰ্বও কৰোঁ লগতে জগত খনক দেখাই। চিন্তা মতেই কাম। ভাবিলোঁ ক'ৰোণাৰ ল'কডাউনৰ বাবে চুটিত ঘৰলৈ অহা ডাঙৰ ছোৱালী জনীয়েও পিঠা বনাবলৈ শিকিব আৰু লগতে আমাক ঘৰত হেল্প কৰা ছোৱালী দুজনীয়েও শিকি লওক কামটো। পিঠাগুৰি বনোৱাত, তিল-চেনি মিলাই গুৰি কৰাৰে পৰা আৰাম্ভ কৰি যি যি লাগে সকলোতে তিনিও জনীয়েই বৰ উৎসাহেৰে মোক সহায় কৰি দিলে । ঘৰখন ভজা-তিল আৰু চেনিৰ মিশ্ৰণটোৰ গোন্ধত আমোলমোলাই গ'ল। বৰ ভাল লাগিল।

প্ৰথমে, মোৰ ছোৱালীজনীক আৰু হেল্পাৰ ছোৱালী দুজনীক ডাঙৰ টেকেলি পিঠা কেনেকৈ বনাব লাগে তাৰেই এটা থিয়ৰি লেচন দি পৰীক্ষাও ললোঁ মুখে মুখে। আটাইকেইজনীয়েই শুদ্ধ উত্তৰেই দিলে। পৰীক্ষাৰ ফলাফল ভালেই‌। তাৰ পিচত আটাইকেইজনীকেই কাষত থিয় কৰোৱাই বনাই দেখালোঁ । যেন ৰন্ধনৰ লাইভ ক্লাচহে।

সময়মতে টেকেলিৰ পৰা পিঠাটো উলিওৱাৰ পিচত সকলোৰে মুখত উৎকণ্ঠা । শেষত গৈ থৈ পিঠা নোলাল। ভঙা-চিঙা পিঠাৰ নিচিনা কিবা এটাহে ওলালগৈ । ফটোখনেই পিঠাটোৰ পুতৌলগা দৃশ্য । সেইটোহে ওলালগৈ অবশেষত । হায় হায় মোৰ পিঠা বনোৱা এডভেন্সাৰ ! ছোৱালীকেইজনীয়ে হাঁহি হাঁহি তত পোৱা নাই। কি কৰোঁ, কতে মৰোঁ মই।

কোনেও নাখায় ভঙা পিঠাখিনি। অলপ টেষ্ট কৰি চাইছিলোঁ মই নিজে। সোৱাদো হোৱা নাই। মই কলোঁ যদি কোনেও নাখায় মেকুৰীজনীকে দি দে যা। কথা মতেই কাম ৷ হেল্পাৰ ছোৱালী এজনীয়ে আহি ক'লে, জেঠা, মেকুৰীজনীয়েও নাখায় পিঠাখিনি । বৰ দুঃখ লাগিল । মেকুৰীজনীয়েও উপলুঙা কৰিবলৈ সাহটো ক'ত পালে বুলি খঙো উঠিল। মনে মনে মেকুৰীজনীক গৰিহণাও দিলোঁ।

তাতেই আকৌ‌ মোৰ ছোৱালীজনীয়ে পৰিয়ালৰ হোৱাটচএপ গোটত পিঠা খিনিৰ ফটোখনো দি দিলে । পিঠাখিনি দেখাত অবশ্যে মহেঞ্জোদাৰো আৰু হাৰাপ্পাৰ ভগ্নাৱশেষৰ খনন কাৰ্য্যৰ ফটো যেনো লাগে । পিঠা এক্সপাৰ্টৰ মান সন্মান চব গ'ল এনেহেন বতৰত। একেবাৰে নোৱাৰিলে এশবাৰে কৰা বুলি কোৱা কথাষাৰো ভাল নলগা হৈছে ।

সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা দেবৰ কবিতা ফাঁকিলৈ মনত পৰি গ'ল। "ভাগি গ'ল বীণখনি, ছিগি তাঁৰ, ৰই গ'ল অৱশেষ আমিয়া জোকাৰ।" তাকেই ঘটনাটোৰ লগত খাপ খুৱাই সান্তনা লাভ কৰিছোঁ ।

"ভাঙি গ'ল পিঠা মোৰ,
শেষ হ'ল টেকেলি পিঠাৰ এডভেন্সাৰ,
ৰৈ গ'ল অৱশেষ
এক হাঁহিৰ জোকাৰ।“