Skip to content Skip to navigation

ভালপোৱাৰ গান

ভালপোৱাৰ গান

Artist: 
Dr. বিদুলা শৰ্মা

হে পৃথিৱী,

তুমি যে মোক ইমান ভালপোৱা !

কুঁৱলিৰে ঢাকি ৰখা
বাটটোৱেদি পুৱাই নৈখনলৈ
বাট বুলিছোঁ।
ভৰিৰ গছকত বাটত গজা কেঞা বনৰ পৰা
নিয়ৰৰ মুকুতা সৰিছে,
মোৰ মূৰত কুঁৱলিৰ বগা এটা টুপী ।
কুঁৱলিৰ মাজত মই হেৰাই গৈছোঁ,
বেলিৰ প্ৰথম কোমল ৰশ্মিয়ে
মোক চুবলৈ বিচাৰিকে পোৱা নাই।

নৈৰ পাৰত ৰৈছোগৈহে,
কুঁৱলি ফালি আহি
বেলিৰ পোহৰ এচমকাই
মোক চুই থৈ
নৈৰ নিৰ্মল পানীত জোবোৰা এটা মাৰিলৈগৈ।

হালধীয়া সৰিয়হ ডৰাৰ গাৰ পৰা
কুঁৱলিৰ চাদৰখন আঁতৰিল,
ভাঁহি আহিল কি যে সেমেকা মিঠা সৰিয়হ ফুলৰ সুবাস ।

ঘূৰণীয়া বগা শিলবোৰৰ
ওপৰেদি ফটফটীয়া পানীৰ
নৈখন বৈ গৈছে।
খৰালিৰ নৈ,
মোৰ আঠুকে নুবুৰে।

আৰু অলপ ৰদ ওলাওক,
নৈৰ পানীত জোবোৰা এটা মাৰি
পানীৰ তৰঙ্গৰ সুৰ শুনিম।
নৈৰ বুকুৰ ডাঙৰ শিল এটাত বহিলৈ
পুৱাৰ বেলিটোক কম
নৈখনৰ সৈতে মোৰ প্ৰণয়ৰ কথা।

সিপাৰৰ হাবিখনত
সৰাপাতবোৰৰ ওপৰেদি
বন কুকুৰা কেইজনীমানে
দৌৰিছে,
পুৱাৰ ৰ'দ লৈ থকা
শিলকেইটামানে সৰাপাতৰ ওপৰেদি দৌৰি যোৱাৰ শব্দ শুনি
ডিঙি মেলি উভটি চাইছে।

শুক্ল পক্ষৰ গধূলি
জোনাকী পৰুৱাৰ জাকে
চুবুৰীৰ আলি- পদুলিবোৰত
উৰি ফুৰিছে,
কেঁচু- কুমটিবোৰে
উচ্চ প্ৰাৱল্যত কোৰাছ গাইছে।
ময়ো উৰি ফুৰিছোঁ
সৰু ল'ৰা এটা হৈ
জোনাকী পৰুৱাৰ লগত।
দুটা জোনাকী পৰুৱাই আহি
তপকৈ মোৰ দুগালত
চুমা খাই গ'ল।

এতিয়া মই উৰি ফুৰা
জোনাকী পৰুৱাবোৰৰ লগতে
শূন্যতে টোপনি যাম।

হে সন্ধিয়া ফুলা খৰিকাজাই
মোৰ গাত সুকোমল সুবাস চটিয়াই দিয়া ।
পৃথিৱীয়ে যে মোক ইমান ভাল পায় ।