Skip to content Skip to navigation

পখিলাৰ পাখি - A film review

পখিলাৰ পাখি - A film review

Writer: 
Dr. Ajanta Das

#মূল কাহিনীঃ কুমুদ গোস্বামী    #পৰিচালনাঃ এহ্চান মুজিদ     #প্ৰযোজনাঃ অৰ্চনা ভট্টাচাৰ্য্য        -   গল্প সম্ৰাট ভৱেন্দ্ৰনাথ শইকীয়াই যেতিয়া চিনেমা নিৰ্মাণত হাত দিছিল, চলচ্চিত্ৰ সমাজত খলকনি উঠিছিল, যে অসমে এজন ১৯৫৫ চনত নিৰ্মিত পথেৰ পাছালীৰ পৰিচালকৰ দৰে সত্যজিত ৰায়ক , নে ১৯৪১ চনত নিৰ্মিত হাউ গ্ৰীন ৱাজ মাই ভেলীৰ দৰে ছবিৰ আইৰিছ এমেৰিকান পৰিচালক  জন ফৰ্ডক,  নে ১৯৫৪ চনত নিৰ্মিত জাপানী চিনেমা চেভেন চামুৰাইৰ পৰিচালক আকিৰা কুৰুশ্বাৱাৰ দৰে , নে ১৯৪৬ চনত নিৰ্মিত হলিউদৰ চলচ্চিত্ৰ দা ইয়াৰ্লিং নামৰ চিনেমাৰ ক্লাৰেন্স ব্ৰাউনৰ দৰে পৰিচালক লাভ কৰিলে। উল্লেখিত এই গোটেই কেইজন পৰিচালক বিখ্যাত আছিল তেওঁলোকৰ সূক্ষ্ম পৰ্য্যবেক্ষণ শক্তি আৰু তাক চিনেমাসমূহত কৰা প্ৰায়োগিক ব্যৱহাৰৰ বাবে। ভৱেন্দ্ৰ নাথ শইকীয়াৰ সন্ধ্যাৰাগৰ সেই চিন বোৰ , য’ত চাৰুৰ বিধৱা মাকে বন শাক তুলি ফুৰিছে বা চৌকাত জ্বলাবৰ বাবে কলৰ চোঁছনা ৰ’দত শুকুৱাইছে, অগ্নিস্নানৰ আৰম্ভনিৰ চিনত আলিবাটৰ লাইট পোষ্টৰ লেম্পত কেৰাছিন তেল ভৰাবলৈ অহা মানুহটোৰ পৰা ঘৰৰ টিপ চাকিটো জ্বলাবলৈ তেল অকণ খুজিবলৈ অহা বুঢ়ীজনী লৈকে , সকলোতে ভৱেন শইকীয়াই তেওঁৰ সূক্ষ্ম দৃষ্টি বা ডিটেইলৰ প্ৰয়োগ কৰিছে। সেইবাবেই অগ্নিস্নানে শ্ৰেষ্ঠ চিত্ৰনাট্যৰ সন্মানেৰে ভূষিত হবলৈ সক্ষম হৈছিল। পৰৱৰ্তী পৰ্যায়ত প্ৰখ্যাত পৰিচালক জাহ্নু বৰুৱায়ো তেওঁৰ সূক্ষ্ম পৰ্য্যবেক্ষণেৰে তেওঁৰ পৰিচালনাক ৰঞ্জিত কৰা দেখিবলৈ পোৱা যায়। বিশেষকৈ হালধীয়া চৰায়ে বাওঁধান খায় আৰু সাগৰলৈ বহুদূৰত তেওঁ অধিক সফল হ’ব পাৰিছে। 

         এজন অনন্য অসমীয়া পৰিচালক এহচান মুজিদ। ২০০৬ চনত চোনম নামৰ এখন চলচ্চিত্ৰ মনপা ভাষাত নিৰ্মাণ কৰি উলিয়াই বিৰল ৰজত কমল সন্মানেৰে স্বনাম ধন্য কৰা মজিদ ডাঙৰীয়াৰ চোনম চোৱাৰ ভাগ্য যাৰ হৈছে, সেই ব্যক্তিয়ে ছাগে চিনেমা খন পাহৰিবলৈ টান পাব তাৰ সূক্ষ্মতাৰ বাবে। মনপা সকলৰ জীৱনৰ খুঁতি-নাতি, কলা-সংস্কৃতি, জীৱনধাৰা নিৰীহ-নিপানিকে প্ৰয়োগ কৰি চোনমৰ পৰিচালক এহ্চান মুজিদ আৰু সহ পৰিচালক অৰ্চনা ভট্টাচাৰ্যই চিনেমা শিল্পক বহু ওপৰলৈ আগুৱাই লৈ যাবলৈ সক্ষম হৈছিল। সমাজৰ পৰম্পৰাৰে বান্ধ খাই থকা এগৰাকী মনপা নাৰীৰ দুখ ভৰা জীৱন গাঁথাৰে চিনেমাৰ কাহিনীভাগ আগবাঢ়িছিল আৰু তাত ব্যৱহৃত মনপা জনজাতীয় গীতৰ সুৰে আৱহ সংগীত ৰূপে চিনেমা খনত সোণত সুৱগা চৰাইছিল। উল্লেখযোগ্য যে এইখন চলচ্চিত্ৰৰ সংগীত পৰিচালকো আছিল এহচান মুজিদৰ সুযোগ্যা পত্নী অৰ্চনা ভট্টাচাৰ্য্য। এহচান মুজিদে চোনমৰ বাবে ৰজত কমল পোৱাৰ পিচতেই তেওঁক যেতিয়া ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে প্ৰশ্ন কৰা হৈছিল, তেওঁ জনাইছিল যে তেওঁৰ মনত নাৰীৰ অন্তৰ্দণ্ডকলৈ এক ত্ৰিলোজী কৰাৰ সপোন আছে, গতিকে সুযোগ আৰু সুবিধা পালেই তেওঁ অসমীয়া ভাষাত তেওঁৰ দ্বিতীয়খন চিনেমা নিৰ্মাণ কৰি উলিয়াব। সঁচাকৈয়েই এহচান মুজিদে কথা ৰাখিলে। সুদীৰ্ঘ ১২ বছৰৰ বিৰতিত নিৰ্মাণ কৰি উলিয়ালে পখিলাৰ পাখি (Wings of Butterfly)

#পখিলাৰ পাখি ।গল্পকাৰ কুমুদ গোস্বামীৰ বিখ্যাত গল্প চপনীয়াৰ আধাৰত ৰচিত অসমীয়া চলচ্চিত্ৰ পখিলাৰ পাখি। অসমৰ বিশেষকৈ মধ্য অসমৰ গাওঁসমূহত প্ৰচলিত এক পুৰণি প্ৰথা হ’ল চপনীয়া গ্ৰহণ। সাধাৰণতে আদ্যবন্ত বিধৱা মহিলা, মৃত্যুমুখী অসুস্থ স্বামীৰ অসহায় পত্নী, অবিবাহিতা বয়স্ক মহিলা আদিৰ বাবে এই চপনীয়া প্ৰথা প্ৰযোজ্য। বিবাহৰ বান্ধোনত বান্ধ নোখোৱাকৈয়ে এগৰাকী অসহায় মহিলাই এজন কৰ্মঠ পুৰুষক পতিৰ দৰে ঘৰতে ৰাখিব পাৰে , যাতে কৃষি-কৰ্মৰ বাবে তেওঁৰ সহায়ক হয়। সমাজৰ বুঢ়া-মেথাৰ আগত নামঘৰৰ সন্মুখত আঠু ল’লে এনে পুৰুষ-নাৰীক সমাজে একেলগে একেখন চালৰ তলত বাস কৰি স্বামী-স্ত্ৰীৰ দৰে থাকিবলৈ অনুমতি প্ৰদান কৰে। এই প্ৰথাই হ’ল পখিলাৰ পাখিৰ মূল কাহিনী ভাগৰ চালিকা শক্তি। 

       পখিলা নামৰ এগৰাকী অসহায় অবিবাহিতা মহিলাই কৃষি-কৰ্মৰ সুবিধাৰ্থে ঘৰত এজন অকলশৰীয়া দুখীয়া যুৱক ফুলেশ্বৰক ঠাই দিয়ে। কিন্তু এসময়ত যৌৱনৰ নিবিড় আহ্বানক উপেক্ষা কৰিব নোৱাৰা হয় দুয়ো। সেয়ে দুয়োৱে সমাজৰ পৰা একেলগে বাস কৰাৰ অনুমতি বিচাৰে। সমাজেও স্বীকৃতি দিয়ে। ফুলেশ্বৰ পখিলাৰ চপনীয়া হৈ পৰে। ক্ৰমাৎ অন্যান্য চৰিত্ৰৰ আবিৰ্ভাৱে কাহিনীক জটিলতাৰ ফালে সঞ্চালিত কৰে। অন্য এগৰাকী নাৰীৰ উপস্থিতিয়ে পখিলাক অৱহেলিত, উপেক্ষিত, অৱ্দমিত নাৰীলৈ পৰিৱৰ্তিত কৰে।কিন্তু এসময়ত এটি শিশুৰ উপস্থিতিয়ে পখিলাৰ মাজত সুপ্ত হৈ থকা মাতৃ সত্তাক জাগ্ৰত কৰি তোলে যদিও পৰিচালকে কাহিনীৰ শেষ ফলাফলৰ দায়িত্ব অতি চতুৰতাৰে দৰ্শকৰ হাতত অৰ্পণ কৰি নিজকে এগৰাকী নিৰৱ দৰ্শকলৈ পৰিৱৰ্তিত কৰে, আৰু ইয়াতেই লাভ কৰিছে এহ্চান মুজিদে প্ৰকৃত সফলতা।

      পখিলাৰ পাখিত আমি কি পালোঁ। আমি তাত পালোঁ, সত্যজিত ৰায়ৰ দৰে সূক্ষ্মতা, ভৱেন শইকীয়াৰ দৰে চিত্ৰনাট্য, কুৰুশ্বাৱাৰ দৰে পৰিচালনা, জন ফৰ্ডে তৈয়াৰ কৰাৰ দৰে পৰিৱেশ আৰু ক্লাৰান্স ব্ৰাউনৰ দৰে চলচ্চিত্ৰৰ আমনি বিহীন কাহিনীৰ গতিবেগ। প্ৰযোজিকা আৰু সংগীত পৰিচালিকা অৰ্চনা ভট্টাচাৰ্য্যই প্ৰয়োজন বিশেষে ব্যৱহাৰ কৰা আবহ সংগীতে চলচ্চিত্ৰখনিৰ সৃষ্টি ধৰ্মিতাক ভিতৰুৱা গাঁৱৰ পৰিৱেশ নিৰ্মাণত সহায় কৰিছে। চিনেমা-টেলিভিশ্যনৰ পৰশ নপৰা গাৱৰ কৃষি কাৰ্য্যই হওঁক বা কাতি বিহুৱেই হওঁক, সাধাৰণতে গ্ৰামীণ লোকসকলে ব্যৱহাৰ কৰাৰ দৰে বিহু বা বিহুসুৰীয়া গীতে কাহিনীৰ গতিময়তাক অধিক সাৱলীল কৰি তুলিছে। আমাৰ ভিতৰুৱা গাওঁবোৰত জানো বিবাহ উৎসৱতো বিয়া নামৰ লগতে বিহু নামো নাগায়? সেই ধাৰণাকে মগজুত লৈ সংগীত পৰিচালিকা আগবঢ়া যেন অনুমান হয়। এই ক্ষেত্ৰত শ্ৰীমতী ভট্টাচাৰ্য্য সম্পূৰ্ণ সফল হৈছে। 

           চিনেমা খনৰ পৰিৱেশ নিৰ্মাণত পৰিচালকে কাৰ্পণ্য কৰা নাই। বাঁহ বেতেৰে নিৰ্মাণ কৰা অস্থায়ী চিনেমা গৃ্হত প্ৰজেক্টৰেৰে দেখুওৱা পুৰণি চিনেমাৰ প্ৰদৰ্শনেৰে পখিলাৰ পাখি আৰম্ভ  হৈছে। এই দৃশ্যটিৰ মাজেৰেই পৰিচালকে যেন দৰ্শকসকলক লৈ গৈছে ষাঠিৰ দশকৰ ভিতৰুৱা গাওঁ এখনলৈ। সেইদৰে কেচুৱাক গাখীৰ খুৱাবলৈ ব্যৱহাৰ কৰা নাওঁৰ দৰে চিছাৰ দুধ দানীটো, যিটো আজিৰ সমাজত পাবলৈ নাই, পখিলাৰ ঘৰৰ বেৰত ফ্ৰেম কৰি আঁৰি থোৱা মিহি চিলাইৰে বাচক বনীয়াকৈ তৈয়াৰ কৰা ‘কোকিল সুন্দৰ হয় শুৱলা মাতত, তিৰোতা সুন্দৰ হয় সতীত্ব গুণত’ লিখা ছবিখন, ঘৰৰ পুৰণি কাঠৰ পেৰাটোলৈকে সকলোতে পুৰণি অসমখন যেন বিদ্যমান। চিনেমাখনত চৰিত্ৰবোৰে যেন পৰিচালকৰ নিৰ্দেশ অতিক্ৰম কৰি নিজ বাটেৰে বাট বুলিছে এনে অনুভৱ হ’ল। পৰিচালকৰ কটকটীয়া শৃঙ্খলৰ মাজত থাকিও যেন চৰিত্ৰসমূহ স্বাধীনচিতিয়া এনে বোধ হ'ল। গাওঁ এখন… তাৰ চৰিত্ৰবোৰ, স্বতঃস্ফূৰ্ত কাহিনী ভাগ, এই সকলোৰে মাজত যেন পৰিচালকজন হেৰাই গৈছে। চিনেমা খন শেষ হোৱাৰ পিচত অনুভৱ হৈছিল, এখন পুৰণি গাঁৱৰ পৰা আমি চহৰলৈ ওলাই আহিলোঁ, পিছ্ফালে এৰি থৈ আহিলো এটি শক্তিশালী কাহিনী আৰু বুকুত বান্ধি লৈ আহিলো সমাজৰ বাবে কেইটিমান জটিল প্ৰশ্ন। এই খিনিতেই পৰিচালক এহ্চান মুজিদৰ কৃত্তিত্ব। 

     প্ৰত্যেক গৰাকী অভিনেতাই অনুপম অভিনয় কৰিছে বিশেষকৈ মূল চৰিত্ৰত পাপৰি শইকীয়া, ফুলেশ্বৰৰ চৰিত্ৰত জিতু কলিতাৰ অভিনয় অতুলনীয়। মূল চৰিত্ৰদুটাৰ একান্ত অন্তৰংগ মূহুৰ্তটি ইমান শালীনতাৰে অথচ প্ৰতীক ধৰ্মিতাৰে এহ্চান মুজিদে দৃশ্যবন্দী কৰাইছে যে এহ্চান মুজিদক কবলৈ মন গৈছে যে হেটচ অফ টু ইউ মজিদদা। আপোনাৰ এই ছবিখনে যে সফলতাৰ উৰ্ধত প্ৰতিষ্ঠিত হ’ব , সেই বিষয়ে মই ন দি কব পাৰোঁ। সফল হওঁক আপোনাৰ পৰিচালনাৰ দ্বিগ্বিজয় যাত্ৰা।

 

পখিলাৰ পাখি