আমাৰ ঘৰৰ ফ্ৰীজটো

Primary tabs

আমাৰ ঘৰৰ ফ্ৰীজটো

ajanta
ajanta's picture

ষাঠিৰ দশকতেই মোৰ দুবছৰ মান বয়সতেই তিনিচুকীয়াত থাকোতে দেউতাই এটা ফ্ৰীজ কিনিছিল, হিমালাক্স কোম্পানীৰ।হাতীদাঁতৰ ৰঙৰ ফ্ৰীজটো ৫ ফুট মান ওখ আছিল।অভিযন্তা দেউতাই কাম চাবলৈ ঢলা , ফিলোবাৰী আদি ঠাইলৈ গ’লে বাটে ঘাটে দৈ, ক্ৰীম, মাছ আাদি বিভিন্ন বস্তু সস্তাতে এগালমান কিনি গোটাই পিটাই আানিছিল বাবে ফ্ৰীজটোৰ প্ৰয়োজন হৈছিল। কিন্তু মজাৰ কথা যে ঘৰত সৰহকৈ এনে বস্তু গোট খালেহে মায়ে ফ্ৰীজটো চলাইছিল , নহ’লে তাক বন্ধ কৰি থোৱা হৈছিল। কাৰণ ফ্ৰীজটো ইলেক্ট্ৰিক ফ্ৰীজ নাছিল- কেৰাচিনতহে চলিছিল। ফ্ৰীজটো অন কৰাও এটা জঞ্জালৰ কথা আছিল।

     ফ্ৰীজটো কিনাৰ সময়ত ফ্ৰীজ চাবলৈ অহা ওচৰ চুবুৰীয়া মানুহেৰে হেনো ঘৰ ভৰি পৰিছিল , কিয়নো তেতিয়া হাজাৰত দুঘৰমানৰ ঘৰত হে ফ্ৰীজ আছিল। সেই সময়ত কাৰেণ্টত চলা ফ্ৰীজ কিনিবলৈ পোৱাই নগৈছিল। ফ্ৰীজৰ কম্প্ৰেছৰৰ তলত থকা চেম্বাৰত কেৰাচিন তেল ভৰাই দেউতাই সংলগ্ন বাৰ্ণাৰটো জলাই দিছিল। কম্প্ৰেছৰ গৰম হ’লে এটা অদ্ভুত শব্দ ওলাইছিল আৰু লাহে লাহে ফ্ৰীজটো ঠাণ্ডা হৈ পৰিছিল। কেৰাচিন তেল শেষ হৈ বুলি মাজ নিশাও দেউতাই মাটিত উবুৰি হৈ তেল আছেনে নাই পৰীক্ষা কৰিছিল।

  আমাৰ ঘৰত যিদিনা ফ্ৰীজটো চলিছিল, ঘৰখন উৎসৱ মুখৰ হৈ পৰিছিল। মনত থকা কালৰে পৰাই আমি চাৰিওটা ভাই ভনীয়ে কেতিয়ানো মায়ে ফ্ৰীজ চলাব আৰু আমি মিঠা বৰফ খাবলৈ পাম তাকে পাঙি থাকিছিলো। কিন্তু মায়ে ফ্ৰীজ চলালেও আজি চৰ্দি লাগিছে, কাইলৈ টনছিল বিষাব বুলি ফ্ৰীজত বৰফ নজমাইছিল। হওতে কথাটো মিছাও নাছিল। অকণমাণ ঠাণ্ডা লাগিলেই মোৰ টনছিলকেইটা পকি ৰঙা পৰি গৈছিল।সেয়েহে বৰফ জমোৱা ৰেক কেইখনো মায়ে লুকুৱাই থৈছিল কিজানিবা আমি মনে মনে বৰফ জমিবলৈ দিওৱেই। সে্য়েহে আমিও ফ্ৰীজ চলাৰ উমঘাম দেখিলেই সমনীয়াবোৰক বৰফ খাবলৈ নিমন্ত্ৰণ কৰি থৈ আহিছিলো আৰু মাক সিহত উপযাচি আহিব বুলি কৈছিলো। মায়ে তেতিয়া আমি সকলো বোৰলৈ বৰফ তৈয়াৰ কৰিছিল। গাখীৰ পগাই ঘন কৰি মায়ে তাতে ঢেৰ চেনি আৰু ইলাছী গুৰি মিহলাই বনোৱা বৰফৰ কিউববোৰৰ সেই অপূৰ্ব সোৱাদ আজিও মুখত লাগি আছে। কেতিয়াবা আকৌ অৰেঞ্জ স্কোৱাচৰ পৰাও ধুনীয়া বৰফ জমাইছিল। বৰফ খাবলৈ অহা ল’ৰা-ছোৱালীবোৰৰ খোৱাতকৈয়ো বৰফ বনোৱা মেছিন চাবলৈহে অধিক আগ্ৰহ আছিল।

     সত্তুৰৰ দশকৰ আৰম্ভণিলৈকে চেগা চোৰোকাকৈ ফ্ৰীজটোৱে কাম কৰি আছিল। আমিও দেউতাৰ চাকৰিৰ ট্ৰান্স্ফাৰেৰে দুখন ঠাই সলাই গুৱাহাটীত নিগাজী হৈ বহিছিলোহি। সেই সময়তেই ইলেক্ট্ৰিক ফ্ৰীজ অসম আহি পোৱাত দেউতাই নতুন এটা লবলৈ মন মেলোতে মায়ে হুলস্থুল লগাই দিলে।কাৰণ কেৰাচিনত চলা জঞ্জলীয়া ফ্ৰীজৰ প্ৰতি মাৰ মনত এক অনীহাৰ সৃষ্টি হৈছিল।তাতে আকৌ ঘৰ সাজি থকা বাবে পইচাৰো নাটনি আছিল। সেয়েহে দেউতাই সেই ফ্ৰীজটোকেই মেকানিক এজনৰ হতুৱাই মোদিফাই কৰাই লোৱাৰ সিদ্ধান্ত ললে। ফ্ৰীজটোৰ কেৰাচিন চেম্বাৰ আঁতৰি গ’ল। কলা তাঁৰ এডাল প্লাক এটাৰে তাত সংলগ্ন হ’ল।আমি ল’ৰা-ছোৱালীমখাই এতি্য়াৰ পৰা সদায় বৰফ খাবলৈ পাম বুলি মনত আশা পুহিলো, কিন্তু হিতে বিপৰীতহে হ’ল। ফ্ৰীজটো চলালে ইমানেই বেছিকৈ কাৰেণ্টৰ বিল আহিবলৈ ল’লে যে মায়ে আগতকৈয়ো কমকৈ ফ্ৰীজ চলাবলৈ ল’লে।মাথোঁ বিহু সংক্ৰান্তিৰ সময়তহে ফ্ৰীজটো চলিবলৈ ধৰিলে।দেউতাই বহুবাৰ ফ্ৰীজ কিনিবলৈ ল’লে কিন্তু মাৰ আপত্তিত সেইটো হৈ নুঠিল।

      নিয়মীয়াকৈ নচলাই যদিও মায়ে কিন্তু ফ্ৰীজটোক বৰ মৰম কৰি ৰাখিছিল। ফ্ৰীজটো মচি-কাচি ধুনীয়া চেক কাপোৰৰ কভাৰ এটা নিজে মেছিনত চিলাই ফ্ৰীজটোক ঢাকি ৰাখিছিল।ফ্ৰীজৰ ওপৰত ফুলদানি এটাত সতেজ ফুল সজাই থৈছিল। লাহে লাহে ওচৰ চুবুৰীয়াৰ ঘৰত এটা দুটাকৈ কাৰেণ্টত চলা ফ্ৰীজ সোমাবলৈ ধৰিলে।সেই সময়ত ঘৰ শুৱণি ফ্ৰীজটোৱে আভিজাত্যৰ পৰিচয় দিবলৈ ল’লে। আমিও মাক জোৰ দিলো নতুন ফ্ৰীজ এটা লবলৈ। ভাতৰ লগত ঠাণ্ডা পানী অকণ পালে কিমান যে ভাল লাগিব বুজাবলৈ ল’লো , কিন্তু মা নাচোৰ বান্দা। কয়, ফ্ৰীজটো ভালকৈ চলি আছে, সময়ত ঠাণ্ডাও হয়। নতুন এটা আনিলে পুৰণাটো কি কৰিম। মুঠতে ঘৰখনত ‘আছে গৰু নাবাই হাল...’ জাতীয় পৰস্থিতি এটাৰহে সৃষ্টি হ’ল।

  ১৯৭৮ চনৰ কথা। এদিন মই আৰু মা সম্বন্ধীয়া ডাক্টৰ মামা এজনৰ ঘৰত ফুৰিবলৈ গ’লো। মামীয়ে লৰালৰিকৈ ১৬৫ লিটাৰৰ ফ্ৰীজটো খুলি ফ্ৰীজত মাৰি ৰখা ময়দাৰ লুচি বনালে আৰু ঘুগনি এবাটি উলিয়াই গৰম কৰি আমাক লুচিৰ লগত খাবলৈ দিলে।লগতে ৰসগোল্লা দুটাও ফ্ৰীজৰ পৰা উলিয়াই পাতত দিলে। মায়ে এইবোৰ কিয় কৰিলা বুলি কওঁতে মামীয়ে ক’লে নতুনকৈ ফ্ৰীজটো ল’লো বাবেহে পাৰিছো বাইদেউ, নহ’লে অকলশৰীয়া দুহাতেৰে কিনো কৰিব পাৰিলো হেতেন বুলি কোৱাত মা অলপ সময় জলকা লাগিল।হয়্তো আলহী আহিলেই নাকনি কাননি হোৱা মোৰ আৰু নিজৰ অৱস্থাটোলৈ মনত পৰিল। কাৰণ আলহী আহিলে মায়ে গৰম গৰম ফুলা লুচি আৰু আলু ভাজি খুৱাবই খুৱাব।মায়ে বঠিখন লৈ খচ খচকৈ আলু কাটে, মই ময়দা মৰাৰ পানী বহাওঁ আৰু আন এটা পাত্ৰত আলহীৰ বাবে কণী সিজাওঁ। মায়ে ভাজি বহাই দি ময়দা সানে, মই ভাজি লৰাও। ইফালে দাদাক পইচা দি মায়ে এমাইল দূৰলৈ চাইকেল মাৰি মিঠাই আনিবলৈ পঠায়। দাদা আহি পাই মানে মায়ে বেলা লুচিবোৰ মই এখন এখনকৈ ডালডাত ভাজি অতাঁও। মুঠতে আলু কটাৰ পৰা , ময়দা সানি লুচি ভজালৈকে এক দীঘলীয়া পৰ্ব। আৰু মায়ে লুচি অবিহনে অতিথি আপ্যায়নো নকৰে।

    ডাক্টৰ মামাজনৰ ঘৰৰ পৰা ঘূৰি আাহি থাকোতে মা একদম নিশ্চুপ। মাত্ৰ এবাৰ সুধিলে , সিহঁতৰ ফ্ৰীজটো কি কোম্পানীৰ আছিল তই মন কৰিছিলি নেকি ? উত্তৰত মুখেৰে ‘কেল্ভিনেটৰ’ বুলি যেতিয়া ক’লো মাৰ মুখত যেন কিবা এটা ফৰকাল ভাৱ দেখা পালোঁ।

     হয় , পিছদিনাখনেই আমাৰ ঘৰত এটা আকাশী নীলা ৰঙৰ ‘কেল্ভিনেটৰ’ ৰেফ্ৰিজাৰেটৰে প্ৰৱেশ কৰিলেহি আৰু পুৰণা হিমালাক্সে গৈ ষ্টোৰ ৰুমত এটা লাংখাং বস্তু ৰখা আলমাৰী হিচাপে স্থান পালে। এই নতুন ফ্ৰীজটো দিনটোৰ চৌব্বিশ ঘণ্টাই চলিবলৈ ধৰিলে। মজাৰ কথা নতুন ফ্ৰীজটোত প্ৰতিটো দেওবাৰে বৰফ জমাই খোৱাৰ অধিকাৰো মই পালো , কাৰণ তেতিয়ালৈ মই মোৰ টনচিলাইটিছ বোলা লেতেৰা বেমাৰটোৰ পৰাও মুক্তি পাইছিলো।